মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

দামৰ নিৰিক্ষণ

অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰিক্ষণৰ বাবে তলত উল্লেখিত পদক্ষেপ সমূহ লোৱা হয়-

  • জিলা/মহকুমা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিষয়াই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ কৰে । বিক্ৰেতা/ব্যৱসায়ী আৰু পাইকাৰী ব্যৱসায়ীৰ ক্ৰয়-বিক্ৰয়ৰ চালান আৰু মূল্য পৰীক্ষণ কৰে । বিভাগে সময়ে সময়ে উপায়ুক্ত/মহকুমাধিপতিক বজাৰৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন, অত্যাশ্যকীয় সামগ্ৰীৰ পৰিবহণ নিৰীক্ষণ, যোগানকাৰী/ পাইকাৰী ব্যৱসায়ীৰ অবৈধ মজুতকৰণৰ বিৰূদ্ধে আৰু অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে ব্যবস্থা গ্ৰহণৰ নির্দেশ দিছে।
  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ ক্ষেত্ৰ বিষয়াই জিলা উপায়ুক্ত/মহকুমাধিপতিক পাইকাৰি মূল্য/খুচৰা মূল্যৰ সম্পৰ্কত দৈনিক ভিত্তিত খাতিয়ান দাখিল কৰে ।
  • জিলা উপায়ুক্ত/মহকুমাধিপতিৰ পৰা ই-মেইল যোগে বিভাগীয় সঞ্চালকালয়লৈ খতিয়ান প্ৰেৰণ কৰে ।
  • সঞ্চালকালয়ৰ নিৰীক্ষণকাৰী গোটে দৈনিক মূল্যৰ পৰীক্ষা কৰে আৰু নতুন-দিল্লীৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰনালয়ৰ অৰ্থনীতি পৰামৰ্শদাতালৈ অনলাইন যোগে এখন বিস্তৃত প্ৰতিবেদন প্ৰৰণ কৰে।
  • স্থানীয় বাতৰি কাকততো দৈনিকভাবে প্ৰতিবেদন প্ৰকাশ কৰা হয়।