মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

ভ্ৰাম্যমান আমাৰ দোকান

  • অৱলোকনঃ

    আমাৰ দোকানৰ "ভ্ৰাম্যমান আমাৰ দোকান" নামেৰে পুৰণি 'আমাৰ দোকান'ৰ একে শৰীতে এটা মডুল আৰম্ভ কৰিবলৈ চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে।নতুন মডুল ২২ৰ অন্তৰ্গত অনা- PDS সামগ্ৰী (যিটো ৩৬লৈ বৃদ্ধি হ'ব পাৰে)MRP তকৈ কম দামত একেবাৰে সৰ্বনিম্ন লাভাংশৰ সৈতে গ্ৰহকৰ পদুলিলৈকে যোগান ধৰা হব। এই আঁচনিৰ মতে পৰিৱেশ অনুকুল ই-ৰিক্সাবোৰ পৰিৱহনৰ বাবে ব্যৱহাৰ কৰা হব। এই আঁচনিৰ যোগেদি চৰকাৰে ই নগনবিহীন লেনদেনৰ অগ্ৰাধিকাৰ দিয়াৰ লক্ষেৰে ই-ৰিক্সা সমূহত GPS সংলগ্ন স্মাৰ্টফোনৰ ব্যৱস্থা কৰিছে লগতে ব্লু-টুথ বিলিং প্ৰিন্টাৰৰো ব্যৱস্থা কৰিছে যিটো স্মাৰ্ট ফোনৰ সৈতে সংলগ্ন হৈ থাকিব। এই ভ্ৰাম্যমানআমাৰদোকান আঁচনিখনৰ প্ৰৰ্থমিক উদ্দেশ্য হৈছে মধ্যভূগীৰ পৰা আঁতৰাই আনি অত্যৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা। এই আঁচনিখনৰ যোগেদি গ্ৰাহকে তেওঁলোকৰ দৈনিক ব্যৱহৃত আৰু অত্যৱশ্যকীয় সামগ্ৰীসমহক উচিত মূল্যৰ বিনিময়ত ঘৰতে পাব পৰা কৰি তোলাৰ লগতে নিৱনুৱা সমস্য সামাধানৰো পথ মুকলি কৰিব। প্ৰতিখন ভ্ৰাম্যমানআমাৰদোকানৰ বাবে ৫০,০০০ কৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব পৰাকৈ বৰ্তমানৰ বাজেটত সৰ্বমুঠ ১০০ কোটি টকা ধাৰ্য কৰা হৈছে।

    বৰ্তমানৰ স্থিতিঃ

    আদৰ্শ প্ৰকল্পটো ২২ ফেব্ৰুৱাৰী ২০১৭ ত গুৱাহাটীত নিৰ্ধাৰিত কিছুমান অঞ্চলত ৭ খন ই-কাৰ্টৰ সৈতে নৱোদয়, অসমৰ দ্বাৰা উন্মোচন কৰা হৈছিল। ভ্ৰাম্যমান আমাৰ দোকানৰ নিৰ্দেশাৱলী ইতিমধ্যেই সাজু কৰা হৈছে আৰু নৱোদয়, অসম আৰু FCS&CA ৰ সঞ্চালকৰ মাজত হোৱা খচৰা চুক্তি নিৰ্ধাৰণ হোৱাৰ পিছতে এই নিৰ্দেশাৱলীসমূহ চুড়ান্ত কৰা হব। আমি ইতিমধ্যে খচৰা চুক্তি নিৰ্বাচিত হিতাধিকাৰী আৰু DC/ Pr. Secy./ SDO (C)ৰ মাজত সম্পাদন কৰিছো। আদৰ্শ প্ৰকল্পটোৰ ওপৰত নৱোদয়, অসমে ইতিমধ্য প্ৰৰ্থমিক খতিয়ান দাখিল কৰিছে আৰু প্ৰকল্পটোৰ বাবে অনুমোদন বিচাৰিছিল। নৱোদয়, অসমে তেওঁলোকৰ খতিয়ানত দাবী কৰিছে যে প্ৰতিখন কাৰ্ট ৫০০০টকাকৈ বিক্ৰী হৈছে।