মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

সাহাৰ্যপ্ৰাপ্ত কেৰাচিনৰ আৱন্টন

  • তথ্যঃ

    অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ ৰ সূচী -১ ৰ অন্তৰ্ভুক্ত ৭(সাত) বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজৰে এবিধ হৈছে সাহাৰ্যপ্ৰাপ্ত কেৰাচিন তেল । এই সামগ্ৰী ৰন্ধন আৰু পোহৰ ব্যৱস্থাৰ বাবে ব্যৱহাৰৰ বাবেহে অনুমোদিত । বৰ্তমান ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ হিতাধিকাৰী পৰিয়াল পৰিচয় পত্ৰধাৰী লোকসকলহে কেৱল অনুজ্ঞাপত্ৰ থকা সংস্থাৰ মাধ্যমেৰেহে সপলভ মূল্যৰ কেৰাচিন তেল পাবৰ বাবে যোগ্য । পেট্ৰলিয়াম আৰু প্ৰকৃতিক গেছ মন্ত্ৰনালয়ৰ দ্বাৰা ভাৰত চৰকাৰৰ পৰা প্ৰতিখন ৰাজ্য বা ইউ.টি য়ে সাহাৰ্যপ্ৰাপ্ত কেৰাচিনৰ উপ আৱন্টন লাভ কৰে। মন্ত্ৰনালয়ৰ পৰা তিনিমহীয়া (কেতিয়াবা মাহেকীয়া) আৱন্টন পোৱাৰ পিছত ৰাজ্য চৰকাৰে, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাৰ সঞ্চালকৰ দ্বাৰা জিলা/মহকুমা/আৰু স্বায়ত্ব শাসিত পৰিষদসমূহলা উপ-আৱন্টন কৰে । চৰকাৰী অনুজ্ঞাপত্ৰ থকা সংস্থাৰ সহযোগীতাত তেল বিপনন কোম্পানী, ভাৰতীয় তেল নিগমৰ সহযোগীতাত গোটেই সাহাৰ্যপ্ৰাপ্ত কেৰাচিনৰ বিতৰণ ব্যৱস্থা কাৰ্যক্ষম হয়। ফ্ল' চাৰ্টত ব্যৱহাৰকাৰীৰলৈ বিতৰণৰ নেটৱৰ্ক দেখা গৈছে।

    লক্ষ্যঃ

    এল.পি.জি. আৰু বিদ্যুতৰ অনুপস্থিতিত ৰন্ধা-বঢ়া আৰু পোহৰৰ ব্যৱস্থাত সহাযোগিতাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ সূচী-১ৰ অধীনত এই পণ্য সামগ্ৰী অন্তর্ভুক্তি কৰাৰ মূল উদ্দেশ্য।

    জড়িত সংস্থাঃ

    তেল ডিপু, উপ-ডিপু, গাওঁ পঞ্চায়ত সমবায় সমিতি, সুলভ মূল্যৰ দোকান, বিতৰক, খুচৰা ব্যৱসায় আদি হৈছে সাহাৰ্যপ্ৰাপ্ত কেৰাচিন বিতৰণত জড়িত গুৰুত্বপূৰ্ণ সংস্থা ।

    অনুজ্ঞাপত্ৰ থকা সংস্থাঃ
    আই অ ' চিৰ নিয়ন্ত্ৰণাধীন কেৰাচিন বিতৰক সংস্থাসমূহৰ অনুজ্ঞাপত্ৰঃ

    তেল ডিপু, উপ-ডিপু, গাওঁ পঞ্চায়ত সমবায় সমিতি, সুলভ মূল্যৰ দোকান, বিতৰক, খুচৰা ব্যৱসায় আদিৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তই । অনুজ্ঞাপত্ৰ প্ৰদান কৰ্তৃপক্ষৰ তালিকা অত্যাৱশ্যকীয সামগ্ৰী আইন ১৯৫৫ য়ে নিৰ্ধাৰণ কৰে। অৱশ্যে জিলা উপায়ুক্তৰ দ্বাৰা অনুজ্ঞাপত্ৰ প্ৰদান সংস্থাৰ বাবে প্ৰশাসনিক বিভাগৰ পৰা অনুমোদনৰ প্ৰয়োজন হ'ব । এই ক্ষেত্ৰত সংশ্লিষ্ট আদেশ সমূহ নথি পত্ৰত পোৱা যাব ।

    নথি পত্ৰঃ

    (ক) নীতি-নিয়ম / নিয়মাৱলীঃ

    • অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ প্ৰতিলিপি
    • ক'লা বজাৰ আইন প্ৰতিৰোধৰ প্ৰতিলিপি
    • বিতৰক, খুচৰা ব্যৱসায়/উপ-ডিপুৰ সাহাৰ্যপ্ৰাপ্ত কেৰাচিনৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সীমাবদ্ধতা ।
    • অনুজ্ঞাপত্ৰ থকা উপ-ডিপুত সাহাৰ্যপ্ৰাপ্ত কেৰাচিন পাবৰ বাবে নিয়মাৱলী।
     

    (খ) প্ৰ-পত্ৰঃ

    • তেল ডিপু, উপ-ডিপু, গাওঁ পঞ্চায়ত সমবায় সমিতি, সুলভ মূল্যৰ দোকান, বিতৰক, খুচৰা ব্যৱসায়ীক সাহাৰ্যপ্ৰাপ্ত কেৰাচিন পাবৰ বাবে প্ৰ পত্ৰ ।
     

    (খ) খতিয়ানঃ

    • ভাৰত চৰকাৰৰ পৰা তিনিমহীয়াকৈ সাহাৰ্যপ্ৰাপ্ত কেৰাচিন লাভ কৰি আছে
    • ভাৰত চৰকাৰে মাহেকীয়া আৱন্টন দিয়ে
    • অসম চৰকাৰে মাহেকীয়া আৱন্টন দিয়ে