মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি

  • ২০১৬ চনৰ ১ মে' তাৰিখে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা নামৰ আঁচনিখন নৰেন্দ্ৰ মোডী চৰকাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। দেশৰ গাঁও সমূহত প্ৰধানকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সমূহে ব্যৱহাৰ কৰা অপৰিশোধিত ৰন্ধন ইন্ধনৰ সলনি পৰিশোধিত আৰু উন্নত এল. পি. জি. যোগান ধৰাই হৈছে এই আঁচনিৰ মূল লক্ষ্য ।

    প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ লক্ষ্য সমূহঃ

    প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ মূল লক্ষ্য হৈছে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক এল.পি.জি. সংযোগ প্ৰদান কৰা । চৰকাৰে এই আঁচনিৰ অধীনত দেশৰ ৫ কোটি বি.পি.এল. পৰিয়ালৰ জ্যেষ্ঠ মহিলাগৰাকীৰ নামত তেওঁলোকৰ পৰিয়ালক এল.পি.জি. সংযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই আঁচনিৰ কেতবোৰ লক্ষ্য হৈছে

    • মহিলাৰ সৱলিকৰণ আৰু স্বাস্থ্য সুৰক্ষিত কৰা
    • অপৰিশোধিত ইন্ধনৰ পৰা হ'ব পৰা স্বাস্থ্যজনিত ৰোগ হ্ৰাস কৰা
    • অপৰিশোধিত ইন্ধনৰ পৰা হোৱা মৃত্যুৰ পৰিমাণ হ্ৰাস কৰা
    • ঘৰৰ ভিতৰত অপৰিশোধিত ইন্ধনৰ দহনৰ ফলত হোৱা বায়ু প্ৰদুষণে লৰা ছোৱালীৰ ক্ষেত্ৰত দেখা দিয়া শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ হ্ৰাস কৰা
     

    প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ বাবে কেনেদৰে আৱেদন কৰিবঃ

    যোগ্যতা সম্পন্ন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলাই এই আঁচনিৰ নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি গেছ সংযোগৰ বাবে আবেদন কৰিব পাৰে। সাধাৰণ তথ্য যেনে নাম, যোগাযোগৰ সবিশেষ, জন ধন/বেংকৰ একাউন্ট নম্বৰ, আধাৰ কাৰ্ডৰ নম্বৰ মোবাইল নম্বৰ আদি আবেদন প্ৰ-পত্ৰ পূৰণৰ বাবে প্ৰয়োজনীয় হ'ব । আবেদনকাৰীয়ে ইয়াৰ বাবে KNOW YOUR CUSTOMER আবেদন প্ৰ-পত্ৰ অনলাইনযোগে ডাইনলোড কৰিব পাৰিব আৰু প্ৰয়োজনীয় নথি সহ ওচৰৰ এল পি জি কাৰ্যালয়ত দাখিল কৰিব লাগিব।

    প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিঃ

    তলত উল্লেখ কৰা নথি পত্ৰ সমূহ আবেদন কৰিবৰ বাবে নিত্যান্তই প্ৰয়োজনীয়

    • পঞ্চায়ত বা নগৰ উন্নয়ন বিভাগৰ দ্বাৰা প্ৰদান কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰমাণ পত্ৰ
    • ৰেচন কাৰ্ড
    • ফটো প্ৰমাণ পত্ৰ (আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড)
    • শেহতীয়া পাছপোৰ্ট ফটোগ্ৰাফ
     

    প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ ৰূপায়নঃ

    এই আঁচনিখন ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ দ্বাৰা ৰূপায়ন কৰা হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ দ্বাৰা ৰূপায়িত এইখনেই প্ৰথমখন সমাজ কল্যানমূখী আঁচনি যিয়ে দেশখনৰ প্ৰায় ৫ কোটি দুখীয়া পৰিয়ালৰ মহিলাক সমৰি লব ।এই আঁচনিখন তিনিটা বিত্তীয় বৰ্ষ ২০১৬-১৭, ২০১৭-১৮, ২০১৮-১৯ ত ৰূপায়ন কৰা হ'ব ।