মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

আমাৰ দোকান

  • অৱলোকন:

    অসমত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওঁতাৰ বাহিৰৰ ২২ বিধ সামগ্ৰী সৰ্ব্বোচ্চ খুচুৰা মূল্যতকৈ কম মূল্যত বিতৰণ কৰিবৰ বাবে ২০১৪-১৫ বিত্তীয় বৰ্ষত আৰম্ভ কৰা হয়। এই আঁচনিৰ যোগেদি কৰি সৰ্বমুঠ ৪০৫৫৭ খন সুলভ মূল্যৰ দোকানৰ ১০০০০ খন দোকানক লক্ষ্য কৰি লোৱা হৈছে। ইতিমধ্যে ৩৮২৪৪ খন আমাৰ দোকান স্থাপন কৰি কাৰ্যক্ষম কৰা হৈছে । বিতৰণ কৰোতা, মজুত কৰোতা আৰু বিক্ৰেতাই নিৰ্বাচিত দোকানৰ মধ্যভোগী সংস্থাসমূহক আঁতৰ কৰি সৰ্বনিম্ন লাভত চাহিদা অনুপাতে পৰ্যাপ্ত সামগ্ৰীৰ নিৰ্বাচন আদিৰ ক্ষেত্ৰত সকলোৱে এই আঁচনিত একলগ হৈ কাম কৰে। আমাৰ দোকান আঁচনিত প্ৰতিখন দোকানৰ বাবদ চৰকাৰৰ পৰা ৬৬২২৫ টকাকৈ আৰ্থিক সহযোগীতা লাভ কৰিব ।

    এই আঁচনিৰ অধীনত সুলভ মূল্যৰ দোকান নিৰ্বাচিত হবলৈ প্ৰয়োজনীয় যোগ্যতা তলত দিয়া ধৰণৰ :

    • দোকানখন যিকোনো ধৰণৰ বিবাদ/মোকৰ্দমা আদিৰ পৰা মুক্ত হ'ব লাগিব।
    • দোকানখনৰ প্ৰকৃত পি. ডি. এচ.ৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব।
    • দোকানখনে পি. ডি. এছ.ৰ সামগ্ৰীৰ ওপৰিও অনা পি ডি এছ সামগ্ৰীও ৰাখিব লাগিব।
    • ব্যৱসায়ৰ পৰিসৰ আৰু লাভ সন্দৰ্ভত আৰ্থিকভাৱে সক্ষম হ'ব লাগিব।
    • দোকানখনত প্ৰয়োজনীয় ভেন্টিলেচন, পোহৰ আৰু পৰ্যাপ্ত ঠাই থাকিব লাগিব।
    • দোকান আৰু সংস্থাপন আইন অনুসৰি দোকানসমূহ গোটেই মাহটোতে খোলা ৰাখিব লাগিব।
    • কোনো দোকোনেই নিয়ম আৰু আইন ভংগ কৰাত লিপ্ত হ'ব নোৱাৰিব অন্যথা তেনে দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব নাইবা আত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত জৰিমনা বিহা হ'ব ।
    • দোকানৰ নিৰ্দিষ্ট পঞ্জীয়ন সংখ্যা থাকিব লাগিব।