মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

ক্ৰয়

  • ধান /চাউলৰ ক্ৰয়:

    অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ নিৰ্বাচিত ৰাজহ জিলাত এফ.চি.আই, অসম ৰাজ্যিক কৃষি বিপনন পৰিষদ আৰু আন আন সংস্থাৰ সৈতে মূল উদ্দেশ্যক সময়ে সময়ে দাঙি ধৰি ধান/চাউল ক্ৰয়ৰ বাবে প্ৰতিশ্ৰুতি দিছে। অসম চৰকাৰৰ ক্ৰয় অভিযানটো মূলতঃ "অসম ধান/চাউল ক্ৰয় (শুল্ক আৰু অনুজ্ঞা) স্থায়ী আদেশ,১৯৯৫" ৰ অধীনত চলে যাতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা নিয়মাৱলী/নীতি সমূহ সময়ে সময়ে সংশোধন কৰিব পৰা যায়।

    লক্ষ্য:

    চৰকাৰৰ ক্ৰয় অভিযানৰ প্ৰাথমিক লক্ষ্য হৈছে:

    • বিক্ৰী কৰিব পৰা অতিৰিক্ত ধানৰ সংগ্ৰহ আৰু সেই ধান FCI ৰ যোগেদি কেন্দ্ৰীয় পৰ্যায়লৈ পঠিয়াই দিয়া তথা সেই ধান বিভিন্ন কল্যানমুখী আঁচনিৰ মাধ্যমেৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণৰ বাবে মুকলি কৰি দিয়া।
    • ৰাজ্যখনৰ প্ৰকৃত কৃষকলৈ ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা সৰ্বনিম্ন সমৰ্থনমূল্যৰ দৰ (Minimum Support Price)ৰ সুবিধা দিয়া।
    • অপ্ৰীতিকৰ বিক্ৰী কমোৱা/নোহোৱা কৰা ।
     

    আঁচনিসমূহ:

    ৰাজ্য চৰকাৰে তলৰ আঁচনি সমূহৰ যোগেদি ক্ৰয় অভিযান পূৰণৰ প্ৰতিশ্ৰুতি দিছে

    • দৰ সহায়ক আঁচনি ( Price Support Scheme):

      এই আঁচনিৰ অধীনত ভাৰতীয় খাদ্য নিগমে ৰাজ্যখনৰ প্ৰকৃত কৃষকৰ পৰা নিৰ্দিষ্ট ধান ক্ৰয় কেন্দ্ৰত ধান ক্ৰয়ৰ বাবে প্ৰতিশ্ৰুতি দিছে।

    • পদ্ধতিগত চাউলৰ মিল (Custom Milled Rice):

      এই আঁচনিৰ অধীনত, অসম ৰাজ্যিক কৃষি বিপনন পৰিষদে (ৰাজ্যিক সংস্থা) ৰাজ্যখনৰ প্ৰকৃত কৃষকৰ পৰা নিৰ্দিষ্ট পিপিচিত ধান ক্ৰয় কৰি ভাৰতীয় খাদ্য নিগমলৈ উচিত মানদণ্ড সম্পন্ন চাউল যোগান কৰিছে আৰু তাৰ পিছতে সেইসমূহ নিগমৰ দ্বাৰা কেন্দ্ৰীয় পৰ্যায়লৈ দি দিয়া হৈছে ।