মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

কনফোনেট প্ৰকল্প

অৱলোকনঃ

ভাৰত চৰকাৰৰ এই আঁচনিৰ মূল লক্ষ্য হৈছে বিভিন্ন গোচৰৰ তালিকা, সংশ্লিষ্ট ৰায়, গোচৰৰ স্থিতি আদি গ্ৰাহকৰ সুবিধা হোৱাকৈ ইন্টাৰনেটত সহজ পৰিদৰ্শনৰ বাবে উপলব্ধ কৰা ।

সেৱাঃ

কনফোনেট প্রকল্পৰ লক্ষ্য হৈছে বিভিন্ন পৰিসেৱাৰ দ্বাৰা ইয়াৰ বিশাল সংখ্যক দৰ্শকৰ প্ৰতি সকলো ধৰণৰ সেবা আগবঢ়োৱা। ইয়াৰ মাধ্যমেদি অনলাইনত তাৰিখ সহ গোচৰৰ তালিকা, সংশ্লিষ্ট ৰায় আদিৰ অনুসন্ধান তথ্যও উপলব্ধ কৰা হৈছে। ইয়াত ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিৰাময় আয়োগৰ দ্বাৰা আপলোড কৰা সকলো কাৰণৰ তালিকা, বিভিন্ন ৰাজ্যিক উপভোক্তা বিবাদ নিৰাময় আয়োগ আৰু জিলা উপভোক্তা বিবাদ নিৰাময় ফৰামৰ সকলো গোচৰৰ তথ্য অনলাউনযোগে পৰিদৰ্শন কৰাতো সহজ হৈ পৰিছে। তদুপৰি ইয়াত ৰাজ্যিক আয়োগ আৰু জিলা ফৰামৰ দ্বাৰা আপলোড কৰা তাৰিখ ভিত্তিত ৰায় আৰু ৰায়ৰ প্ৰতিলিপি বিনামূলীয়াকৈ পাবলৈ সহজ হৈ পৰিছে। অনলাইনত গোচৰৰ স্থিতি আৰু গোচৰৰ ইতিহাস আৰু বিভিন্ন ধৰণৰ উপভোক্তা সংক্ৰান্তীয় গোচৰৰ বিষয়ে জানিবলৈ সহজ হৈ পৰিছে।

গোচৰৰৰ স্থিতি অনুসন্ধান কৰিবলৈ প্ৰদান কৰা দুটা বিকল্পঃ

  • সাধাৰণ অনুসন্ধানঃ এই বিকল্পৰ সহায়ত গোচৰৰ স্থিতি জানিব পাৰিব যদিহে গোচৰৰ সঠিক নম্বৰটো জ্ঞাত হয়।
  • উন্নত অনুসন্ধানঃ গোচৰৰ সঠিক নম্বৰটো জ্ঞাত নহলে বিভিন্ন তথ্য যেনে গোচৰ ৰুজু কৰোতাৰ নাম, প্ৰতিপক্ষৰ নাম, সংশ্লিষ্ট উকিলৰ নাম আৰু কেছৰ ধৰণ আদিৰ জৰিয়তে গোচৰৰ স্থিতি জানিব পাৰিব ।
  • পৰিসংখ্যা খতিয়ান (কেৱল আয়োগ আৰু ফৰামৰ বাবে): বিভিন্ন আয়োগ আৰু ফৰামৰ সদস্য আৰু কৰ্মচাৰী সকলে তেওঁলোকৰ আয়োগ অথবা ফৰামৰ অমীমাংসীত কেছৰ সংখ্যা/তথ্য আৰু নিৰাময়ৰ ক্ষেত্ৰত পৰিসংখ্যা পূণৰীক্ষণ কৰিব পাৰিব ।