মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

অসম খাদ্য আৰু অসামৰিক যোগান নিগম

সবিশেষঃ

অসম চৰকাৰৰ সন্মানীয় কেবিনেটে বিগত ইং ১০.০২.২০১৪ তাৰিখে অনুষ্ঠিত ইয়াৰ বৈঠকত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ৰাজ্য চৰকাৰৰ এটা সংস্থা হিচাপে অনুমোদন কৰিছে। কোম্পানী আইন, ২০১৩ অনুযায়ী ইং ২৩.০৯.২০১৪ তাৰিখে ইয়াক কার্যালয়সমূহৰ পঞ্জীয়কে এটা পাব্লিক চেক্টৰ এন্টাৰপ্ৰাইজ হিচাপে পঞ্জীভুক্ত কৰিছে । নিগমটো অংশীদাৰীত্ব (Share)ৰ দ্বাৰা সীমাবদ্ধ । অনুমতি প্ৰাপ্ত অংশীদাৰী মূলধন ১৯০,০০,০০,০০০ /-(এশ নব্বৈ কোটি)টকাৰ পৰা ৩০০,০০,০০,০০০/-(তিনিশ কোটি)টকালৈ বৃদ্ধি কৰা হৈছে।

লক্ষ্যঃ

  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ দফাসমূহ ৰূপায়নৰ বাবে তথা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা অনুৰূপ অন্য আইনসমূহ ৰূপায়ন কৰা ।
  • কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আৱন্টন দিয়া তৈলজাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ সংগ্ৰহ আৰু একে সামগ্ৰী অসমৰ গ্ৰাহকৰ মাজত নিগম আৰু বিভিন্ন সংস্থাৰ মাজেৰে বিতৰণ কৰা ।
  • কৃষিজাত পণ্যদ্ৰব্য পৰিচালনাৰ বাবে প্রযোজক সংস্থাসমূহৰ বিকাশ তথা খাদ্য আৰু অপৰিহার্য সামগ্ৰীৰ উত্পাদন, যথোপযুক্ত ক্ৰয়-বিক্ৰয়, মজুতকৰণ, সংসাধন আৰু বিতৰণৰ বাবে কৃষক, সম্প্রদায়, সমবায় ইত্যাদিক সহযোগিতা আৰু সহাৰ্য প্রদান কৰা।
  • খাদ্যসামগ্রী ক্ৰয় সম্পর্কীয় কামকাজত নডেল সংস্থা হিচাপে কাম কৰাৰ আৰু নিগমে ক্ৰয় কৰা সামগ্ৰীৰ মজুতকৰণৰ বাবে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।
  • ন্যূনতম সমৰ্থন মূল্যত চাউল, ঘেহুঁ, চেনি আদি অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ ক্ৰয় আৰু বিতৰণ ।
  • ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ) ৰ অধীনত খাদ্য সামগ্ৰীৰ আৰম্ভণিৰ পৰা শেষলৈ যোগানৰ শৃংখলৰ বিকাশ, আধুনিকীকৰণ আৰু বিতৰণ ব্যবস্থাৰ সুচল কার্যকাৰিতা নিশ্চিত কৰাৰ বাবে পাইকাৰি ও খুচৰা প্ৰতিষ্ঠানৰ মাজত সংযোগ নিশ্চিত কৰা।
  • চাউল আৰু অন্যান্য খাদ্য শস্য উৎপাদকক সুৰক্ষা প্রদানৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰে দামৰ স্থিতাৱস্থা ৰক্ষাৰ ক্ষেত্ৰত বজাৰত হস্তক্ষেপ কৰা ।
  • ৰাজ্য চৰকাৰৰ অন্য কোনো অনুৰূপ আঁচনি গ্রহণ কৰা আৰু বিধি/নির্দেশাৱলীৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীৰ মাজত বিতৰণ সুনিশ্চিত কৰা।
  • খাদ্য সম্পৰ্কীয় যোগানৰ দক্ষতা ও বাণিজ্যিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন সংস্থাৰ সকলো সাংগঠনিক ও প্রযুক্তিগত সহযোগিতা প্ৰদান আৰু বিকাশ সাধন কৰা ।
  • কেন্দ্রীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰে প্রৱৰ্তন কৰা বিভিন্ন সময় নিৰ্ধাৰিত আঁচনি/পৰিকল্পনা ৰূপায়ন কৰা ।