মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

আৰম্ভণিৰ পৰা শেষলৈ কম্পিউতাৰকৰণ

ৰাজহুৱা বিতৰণ ব্যৱস্থা

সবিশেষঃ

নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মূল উদ্দেশ্যই হ'ল-সমাজৰ দৰিদ্ৰ আৰু তুলনামূলকভাৱে দুৰ্বল লোকক খাদ্য সুৰক্ষা প্ৰদান কৰা । ৰাজহুৱা বিতৰণ ব্যৱস্থাত দেখা দিয়া কেতবোৰ আসোঁৱাহ যেনে খাদ্যশস্যৰ বহিৰ্গমন/হৰলুকি, হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত হোৱা অন্তৰ্ভুক্তি আৰু অব্যাহতিকৰণ সমস্যা আদিৰ নিৰাময়েৰে ব্যৱস্থাটোৰ ফলপ্ৰসূভাবে তথা নিয়াৰীকৈ প্ৰচলনৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা লৈছে যদিও দেখা গৈছে যে সমগ্ৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰিবলৈ টি.পি.ডি.এছ (Targeted Public Distribution System) সমগ্ৰ তথ্যৰ কম্পিউতাৰকৰণ নিত্যান্তই প্ৰয়োজনীয় পদক্ষেপ হিচাবে গ্ৰহণ কৰা হৈছে। End-to-End Computerization of TPDS Operation, PDS Project নামৰ এই প্ৰকল্প কেন্দ্ৰীয় কাৰিকৰী সহযোগী-ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (National Informatics Centre), ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগ, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তিৰ সৈতে গ্ৰাহক সুৰক্ষা মন্ত্ৰনালয়, মন্ত্ৰণালয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আলোচনাৰ ভিত্তিত প্ৰস্তুত কৰি উলিওৱা এক অভিযান । কেন্দ্ৰীয় চৰকাৰৰ আদেশ অনুসৰি, অসমৰ তিনিখন জিলা নগাওঁ, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰক পৰীক্ষামূলক জিলা হিচাপে গ্ৰহণ কৰি এই আঁচনিখন আৰম্ভ কৰা হৈছিল। মহামান্য উচ্চতম ন্যায়লয়ৰ WP© No. 196/2001-PUCL মতে কেন্দ্ৰই সময়ে সময়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কম্পিউতাৰকৰণৰ দিশটো চোৱাচিতা কৰে। এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়লয়ৰ ২৭-১০-২০১০ তাৰিখৰ আদেশ অনুযায়ী সম্পূৰ্ণ কম্পিউতাৰকৰণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে যাতে কেন্দ্ৰই এটা চফ্টৱেৰ সাজু কৰি সেই একে চফ্টৱেৰটো প্ৰতিখন ৰাজ্যতে ব্যৱহাৰ কৰিব পাৰে। এইক্ষেত্ৰত ১৪-০৯-২০১১ তাৰিখৰ এক আদেশমতে মহামান্য উচ্চতম ন্যায়লয়ে চৰকাৰক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কম্পিউতাৰকৰণ সুনিশ্চিত কৰাৰ লগতে প্ৰয়োজনীয় অন্তগাঁঠনি তথা বিত্তীয় সহযোগিতাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ।

লক্ষ্যঃ

লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত খাদ্য শস্যৰ মজুত, হিতাধিকাৰী পৰিচয় আৰু হিতাধিকাৰীলৈ খাদ্য শস্যৰ আৱন্টন তথা যোগান আৰু উন্নত ব্যৱস্থাপনা জড়িত । এই অভিযান কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় খাদ্য নিগম, ৰাজ্যিক খাদ্য আৰু অসমাৰিক যোগান নিগম, বা ৰাজ্যিক পৰ্যায়ৰ আন আন সংস্থা, সুলভ মূল্যৰ দোকানী আদি বিভিন্ন সংস্থাসমূহৰ মাজত উন্নত যোগসূত্ৰ স্থাপনৰ লগত জড়িত। খাদ্য শস্যৰ বহিৰ্গমন/হৰলুকি ৰোধ আৰু হিতাধিকাৰীক ইয়াৰ উচিত মাত্ৰাত উপলব্ধকৰণৰ বাবে যোগান শৃংখলৰ তথা খাদ্যশস্যৰ গতিবাধিৰ সমগ্ৰ তথ্যৰ সহজ উপলব্ধকৰণ তথা পৰ্যবেক্ষণৰ প্ৰযোজনীয়তা আছে। হিতাধিকাৰীৰ তথ্য ভাণ্ডাৰ ডিজিটাইজেশ্বনেৰে ৰেচন কাৰ্ডৰ জালিয়াতি ৰোধ কৰিব পাৰি আৰু সঠিক সাহাৰ্য প্ৰদান নিয়ন্ত্ৰণ কৰিব পাৰি। এছ.এম.এছ, ই-মেইল, বিনামূলীয়া কল চেণ্টাৰৰ মাধ্যমেৰে হিতাধিকাৰীক সুলভ মূল্যৰ দোকানত নিয়মিতভাবে উপলব্ধ হোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থা সামগ্ৰীৰ বিষয়ে অৱগত কৰি স্বচ্ছতা সুনিশ্চিত কৰিব পাৰি। সুলভ স্বচ্ছতা পোৰ্টেল আৰু সামাজিক পৰীক্ষণে কাৰ্যকৰীতা অদিক উন্নত কৰে আৰু বিভিন্ন পৰ্যায়ৰ দায়বদ্ধতা সুনিশ্চিত কৰে। হিতাধিকাৰীয়ে তেওঁলোকৰ গোচৰ বিনামূলীয়া কল চেণ্টাৰৰ সহায়ত পঞ্জীয়ন কৰাব পাৰে আৰু তাৰ সমাধান বিচাৰিব পাৰে। কম্পিউতাৰকৰণকে ধৰি লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণ ৰাজ্যখনৰ প্ৰাৰ্থমিক দায়িত্ব। ৰাজ্যখনক কাৰিকৰী, আৰ্থিক আৰু আন্তঃগাঁঠনিগত সহায় প্ৰদানৰ বাবে, ভাৰত চৰকাৰে অৰ্থ-বিভাজনৰ ভিত্তিত এই পৰিকল্পিত আঁচনিখন দ্বাদশ পৰিকল্পনা বৰ্ষ (২০১২-১৭)ত ৰূপায়ন কৰে যদিও কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্প ২০১৮ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত প্ৰসাৰিত কৰিছে।

উপাদান -১:

এই প্ৰকল্পৰ উপাদান -১ প্ৰাৰম্ভিক পৰ্যায়ত ৰূপায়ন কৰা হৈছে য'ত তলত উল্লেখিত কাৰ্যাৱলী সমূহ সন্নিৱিষ্ট হৈ আছে

  • ৰেচন কাৰ্ডৰ/হিতাধিকাৰী আৰু আন তথ্য ভাণ্ডাৰৰ ডিজিটাইজেশ্বন
  • যোগান শৃংখল ব্যৱস্থাপনাৰ কম্পিউটাৰকৰণ
  • স্বচ্ছতা পোৰ্টেলৰ সংস্থাপন
  • গোচৰ নিষ্পত্তি পদ্ধতিৰ সংস্থাপন
 

উপাদান - ২:

০৬-০৯-২০১২ চনত অনুষ্ঠিত হোৱা আৰ্থিক ব্যয় সমিতিৰ সভাৰ সিদ্ধান্ত মতে যেতিয়া উপাদান -১ ৰ কাৰ্যাৱলীসমূহৰ কাৰ্যকৰী কৰাৰ লগে লগে প্ৰথম পৰ্যায়ত ই সকলো ৰাজ্যকে সামৰি লোৱা হয়। উপাদান -২ ৰ কাৰ্যাৱলীসমূহ, যেনে সুলভ মূল্যৰ দোকানৰ স্বয়ংকিয়তা, বিভিন্ন বিষয় সমূহ যেনে UIDAI/NPR তথ্যৰ সংলগ্নকৰন, সুলভ মূল্য দোকান সমূহৰ সংযোগ, স্মাৰ্ট কাৰ্ডৰ চুড়ান্তকৰণ আদি পৰবৰ্তী বিবেচনাৰ অন্ততহে কৰা হব।

ব্যৱস্থাপনা আন্তগাঁঠনি:

প্ৰশাসনিক অনুমোদন মতে, সমগ্ৰ ব্যৱস্থাপনা গাঁঠনিটো নিৰ্দিষ্ট কৰি লোৱা নিয়মৰ ভিত্তিত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কৰা হ'ব । ৰাজ্যৰ প্ৰতিষ্ঠানিক পদ্ধতি তলত দিয়া সমিতি বা দল সমূহৰ

(ক) ৰাজ্যিক এপেক্স সমিতি

  • মু্খ্য সচিব- অধ্যক্ষ
  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সচিব (ভাৰপ্ৰাপ্ত)
  • বিত্ত বিভাগৰ সচিব (ভাৰপ্ৰাপ্ত)
  • পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সচিব (ভাৰপ্ৰাপ্ত)
  • তথ্য আৰু প্ৰযুক্তি বিভাগৰ সচিব আৰু খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সঞ্চালক (ভাৰপ্ৰাপ্ত)
  • পৰিচালন সঞ্চালক, অসম ইলেক্ট্ৰনিকছ উন্নয়ন নিগম, অসম
  • কাৰিকৰী সঞ্চালক আৰু ৰাজ্যিক তথ্য বিষয়া, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ, অসম
  • কাৰ্যকৰী সঞ্চালক/সাধাৰণ প্ৰৱন্ধক, ভাৰতীয় খাদ্য নিগম
  • অধ্যক্ষৰ সিদ্ধান্তমৰ্মে লোৱা আন কোনো সদস্য
 

ৰাজ্যিক পৰ্যায়ৰ এপেক্স সমিতিয়ে তলত দিয়া নীতি নিয়ম মানি চলে-

  • সমগ্ৰিক নিৰীক্ষণ
  • নীতি নিয়মৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ
  • বিভিন্ন সংস্থা /গোটৰ দ্বাৰা প্ৰেৰণ কৰা যিকোনো তথ্যৰ অনুমোদন
  • প্ৰতিনিধি অনুসৰি বিত্তীয় ক্ষমতা
 

(খ) ৰাজ্যিক প্ৰকল্প ই-অভিযান গোট:

  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সচিব (ভাৰপ্ৰাপ্ত) –দলপতি
  • তথ্য আৰু প্ৰযুক্তি বিভাগৰ সচিব (ভাৰপ্ৰাপ্ত) - সদস্য
  • সাধাৰণ প্ৰৱন্ধক, ভাৰতীয় খাদ্য নিগম – সদস্য
  • কাৰিকৰী সঞ্চালক আৰু এছ.আই.অ, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ, অসম – সদস্য
  • পঞ্জীয়ক যদি কোঃ অপাৰেটিভ চচাইটি থাকে—সদস্য
  • পৰিচালন সঞ্চালক, অসম ৰাজ্যিক কোঃ অপাৰেটিভ এপেক্স বেংক – সদস্য
  • সঞ্চালক, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ, অসম – আহ্বায়ক
  • অধ্যক্ষৰ সিদ্ধান্তমৰ্মে লোৱা আন কোনো সদস্য
 

ৰাজ্যিক প্ৰকল্প ই-অভিযান গোটে তলত দিয়া নীতি নিয়ম মানি চলে:

  • নিদিষ্ট মন্ত্ৰনালয়ৰ পৰা অনুমোদনৰ বাবে ডি.পি.আৰ. সাজু কৰিব
  • প্ৰকল্প ৰূপায়নৰ সমগ্ৰ দায়িত্ব
  • ৰাজ্যিক পৰ্য়ায়ত বিস্তৃত এফ.আৰ.এছ.
  • বি.পি.আৰ.ৰ ৰূপায়ন আৰু ব্যৱস্থাপনা সালসলনি
  • যোগাযোগ আৰু প্ৰশিক্ষণ
  • কাষ্টমাইজেশ্বন/উন্নয়ন আৰু ৰূপায়ন সংস্থা সমূহৰ নিৰ্বাচন
  • লক্ষ্য নিয়ন্ত্ৰণৰ ক্ষমতা
  • সমগ্ৰ ৰাজ্যিক পৰ্যায়ত বলবৎ কৰাৰ আগতে প্ৰ-পত্ৰ জমা দিয়া সংস্থা সমূহৰ প্ৰ-পত্ৰ সুনিশ্চিত কৰা
  • প্ৰকল্পটোৰ বাবে ৰাজ্যিক ই.চি.ৰ বাবে সচিবালয় ৰূপত সেৱা আগবঢ়াব
  • সমৰ্থন প্ৰদান থাকিব আৰু উন্নীতকৰণ
 

(গ) ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপনা গোট:

  • পৰামৰ্শদাতা- কাৰিকৰী প্ৰকল্প প্ৰৱন্ধক ( ভাড়া কৰা) ভাৰত চৰকাৰী নিয়ম অনুযায়ী
  • এমট্ৰনৰ প্ৰতিনিধি
  • ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ প্ৰতিনিধি
  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ প্ৰতিনিধি
  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিত্তীয় পৰামৰ্শদাতা
  • কনিষ্ঠ পৰামৰ্শদাতা (ভাড়া কৰা) ভাৰত চৰকাৰী নিয়ম অনুযায়ী
  • নোডেল বিষয়াৰ সহায়ৰ বাবে এজন ডাটা এন্ট্ৰি অপাৰেটৰ ভাৰত চৰকাৰী নিয়ম অনুযায়ী
 

ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপনা গোটে তলত দিয়া নীতি নিয়ম মানি চলে

  • আঁচনিখনৰ উপাদান -১ ৰ অংশ হিচাপে ৰাজ্যৰ দ্বাৰা সম্পন্ন কৰা আৰু কৰিবলৈ বাকী থকা কৰ্মৰ মূল্যায়ন
  • বিভিন্ন ৰাজ্যিক পৰ্যায়ত শেহতীয়া আই.চি.টি. পৰ্যায়ক মূল্যায়ন
  • ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (মূল কাৰ্যালয়), চিষ্টেম ইন্টিগ্ৰেটৰ, ভাৰতীয় খাদ্য নিগমকে আদি কৰি সকলো অংশীদাৰৰ সৈতে সমন্বয় ৰক্ষা কৰা
  • খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সকলো কৰ্মচাৰীকে প্ৰয়োজনীয় প্ৰশিক্ষণৰ মূল্যায়ন
  • এই আঁচনিৰ অন্তৰ্গত ক্ষেত্ৰত বেণ্ডউইথ উপলব্ধতাৰ মূল্যায়ন কৰা
  • কাৰিকৰী সমলসমূৰ সৈতে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সাজু কৰা
 

নথি-পত্ৰ:

(ক) নীতি নিয়ম / নিয়মাৱলী:

  • TPDS কম্পিউটাৰকৰণৰ বাবে নিয়মাৱলী
  • প্ৰশাসনীয় অনুমোদন
 

(খ) খতিয়ান:

  • ডিজিটাইজ হোৱা ৰেচন কাৰ্ডৰ সংখ্যা
  • খাদ্য শস্যৰ দাম
 

(গ) প্ৰ-পত্ৰ:

  • প্ৰ-পত্ৰ-"গ"