মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা

ৰাজ্য চৰকাৰে নিৰ্ধাৰিত ১৯.০৬ লাখ BPL পৰিয়ালক উপভুক্তা হিচাবে বাচনি কৰি ইতিমধ্যে পৰিয়াল পৰিচয় পত্ৰ প্ৰদান কৰি নিৰ্ধাৰিত সীমাত উপনীত হৈছে। বাচনিকৃত উপভোক্তা সকলক পৰিয়াল পৰিচয় পত্ৰ প্ৰদান কৰি ইতিমধ্যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সামগ্ৰী সমূহ ৰেহাই মূল্যত বিতৰণ কৰিছে। এইটো মন কৰিব লগিয়া যে ১৯.০৬ লাখ নিৰ্বাচিত উপভুক্তাৰ ভিতৰত ১২.০২ লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ লগতে ৭.০৪ লাখ অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সুবিধা লাভ কৰিছে। তলত উল্লেখ কৰা আঁচনি সমূহ নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰূপায়ন কৰা হৈছে

১) অন্ত্যদয়া অন্ন আঁচনিঃ

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ২০০১ চনৰ নৱেম্বৰ মাহৰ পৰা এই অন্ত্যদয়া অন্ন আঁচনিখন ৰূপায়ন হৈ আহিছে। মূল লক্ষ্য ৭.০৪ লাখ অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰীৰ, ৭.০৪ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক অন্ত্যোদয়া অন্ন যোজনালৈ ৰাজ্য চৰকাৰে ইতিমধ্যে সলনি কৰিছে । নিৰ্বাচিত অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক ৩ টকাকৈ প্ৰতিটো পৰিয়ালক প্ৰতিমাহে ৩৫ কেজিকৈ চাউল যোগান ধৰা হৈছে । প্ৰতি কুইন্টলত ৩০ টকাকৈ অন্ত্যোদয়া অন্ন যোজনাৰ চাউল খাদ্য নিগমৰ ভৰালৰ পৰা GPSS, WCCS আৰু সুলভ মূল্যৰ দোকান সমূহৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰিকল্পনা বৰ্হিভুত শিতানত প্ৰদান কৰা হয়।

২) মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা আঁচনিঃ

বিশেষ FIC ৰ বিপৰীতে এই আঁচনিৰ অধীনৰ প্ৰতিটো হিতাধিকাৰী পৰিয়ালকে ৬ টকা দৰত ২০ কেজিকৈ চাউল যোগান ধৰাৰ উদ্দেশ্যে এই আঁচনিখনৰ পৰিকল্পনা কৰা হৈছিল । এই আঁচনিখন ২০১০ চনৰ ২ অক্টোবৰত ৰবীন্দ্ৰ ভৱনত তদানীন্তন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা উন্মোচন কৰা হৈছিল। ইয়াৰ ফলত ২০ লাখ পৰিয়াল উপকৃত কৰা হৈছিল। ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিটো বিধানসভা সমষ্টিৰ জিলা উপায়ুক্ত আৰু স্বায়ত্ব শাসিত জিলাসমূহৰ মুখ্য কাৰ্যবাহীৰ তদাৰকিত গঠিত নিৰ্বাচনী সমিতিৰ দ্বাৰা ১০,০০০ পৰিয়ালক নিৰ্বাচিত কৰা হৈছিল । এই লক্ষ্য পিছলৈ প্ৰতি বিধানসভা সমষ্টিত ১৫,০০০ লৈ বৃদ্ধি কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত আন্ত-ৰাজ্যিক আৰু আন্ত-জিলা সংযোগী পৰিসীমা, গড়াখহনীয়া অধ্যুষিত অঞ্চল, আৰু চাহ-বনুৱা সম্প্ৰদায়ৰ পৰিয়ালক সাঙুৰি লোৱা হৈছিল । পিছলৈ, প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰী পৰিয়ালসমূহক ৫.৯ কেজিকৈ চাউল বি.পি.এল. দৰত প্ৰদান কৰা হৈছিল। অৱশ্যে, ২০১৫ বৰ্ষত ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন ২০১৩ ৰ ৰূপায়ন হোৱাৰ পিছত (য'ত অধিকাংশ মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা আঁচনিৰ পৰিয়ালেই অন্তৰ্ভুক্ত হৈছে) এই মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা আঁচনিৰ আৱন্টন ২০১৫ চনৰ অক্টোবৰৰ পৰা পৰৱৰ্তী আদেশ নোলোৱা পৰ্যন্ত স্থগিত ৰখা হৈছে।

৩) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩:

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ অধীনত, ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৮৪.১৭% আৰু চহৰাঞ্চলৰ ৬০.৩৫% মানুহক (২০১১ চনৰ লোকপিয়ল অনুসৰি) সামৰি লোৱা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ মুঠ ২.৫২ কোটি লোক উপকৃত হৈছে । আঁচনিখনৰ অধীনত উপভোক্তাসমূহকৰ অন্ত্যোদয়া অন্ন যোজনা (Antodaya Anna Yojana) আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (Priority Household) হিচাবে ভাগ কৰা হৈছে। অন্ত্যোদয়া অন্ন যোজনাৰ পৰিয়াল পৰিচয় পত্ৰধাৰী পৰিয়াল সমূহক পৰিয়ালে প্ৰতি মাহে প্ৰতি ৩৫ কেজিকৈ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল পৰিচয় পত্ৰধাৰী পৰিয়াল সমূহক পৰিয়ালৰ সদস্যই প্ৰতি প্ৰতি মাহে ৫ কিলোগ্ৰামত ৩ টকা দৰত চাউল যোগান ধৰা হয়।

আৱন্টিত চাউলৰ পৰিৱহণ আৰু কমিচনৰ খৰচ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে বহন কৰে।

৪) ছুপিৰিয়ৰ কেৰাচিন তেলৰ আৱন্টন:

ভাৰত চৰকাৰে সাধাৰণতে তিনিমাহৰ মূৰে মূৰে ৰাজ্যখনৰ বাবে কেৰাচিন তেলৰ আৱন্টন দিয়ে আৰু ৰাজ্য চৰকাৰে জিলা/স্বায়ত্ব শাসিত পৰিষদ তথা মহকুমা প্ৰশাসনৰ জড়িয়তে এই তেল সমূহ হিতাধিকাৰী সমূহৰ মাজত বিতৰণ কৰে। অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰূপায়ন কৰাৰে পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তথ্যপূঞ্জী (Existing Ration Card Management System) তথ্য অনুসৰি জিলা/স্বায়ত্ব শাসিত পৰিষদ তথা মহকুমা প্ৰশাসনৰ ৰেচন কাৰ্ডৰ সংখ্যাৰ ভিত্তিত এই কেৰাচিলৰ উপ-আৱন্টন কৰে ।

৫) আৱন্টন সহযোগীতা

চাউলৰ বাহিৰেও NFSA'13 অধীনত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা ভাৰত চৰকাৰে প্ৰতি মাহে ৮২৭২ মে.ট ঘেহুঁ আৱন্টনত সহযোগীতা বঢ়াইছে।