মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

ৰেচন কাৰ্ডৰ

পৰিয়াল পৰিচয় পত্ৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওঁতাৰ সামগ্ৰীসমূহ প্ৰাপ্তিৰ বাবে জনসাধাৰণক প্ৰদান কৰা হয়। ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন, ২০১৩ ৰূপায়নৰ আগতে তিনি ধৰণৰ ৰেচন কাৰ্ড প্ৰৱৰ্তিত আছিল। এইসমূহ হৈছেঃ

  • এ.পি.এল. (দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ)
  • বি.পি.এল. (দৰিদ্ৰ সীমাৰেখাৰ তলৰ)
  • এ.এ.ৱাই. (অন্ত্যোদয়া অন্ন যোজনা) PDS/TPDS ৰ অন্তৰ্গত হিতাধিকাৰী
 

ইয়াৰ ওপৰিও এম.এম.এ.এছ.ৱাই (মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা) নামৰ আন একধৰণৰ ৰেচন কাৰ্ড ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল। ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন, ২০১৩ প্ৰযোগ কৰাৰ লগে লগে ৰাজ্যত মাত্ৰ দুই ধৰণৰ ৰেচন কাৰ্ডহে বৈধ ৰূপে গন্য কৰা হৈছেঃ

  • NFSA'১৩ ৰ অধীনত প্ৰদান কৰা অন্ত্যোদয়া অন্ন যোজনা পৰিচয় পত্ৰ
  • অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ পৰিচয় পত্ৰ
 

কোনজন ব্যক্তি অসমত পৰিয়াল পৰিচয় পত্ৰৰ বাবে/অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ যোগ্য হ'ব ?

১) সেইজন ব্যক্তি যাৰ ৰেচন কাৰ্ড নাইঃ বাৰ্ষিক ১,০০০,০০.০০ ( এক লাখ) টকাতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ জ্যেষ্ঠ মহিলাগৰাকী ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন, ২০১৩ ৰ অধীনত ৰেচন কাৰ্ড পাবৰ বাবে যোগ্য, যদিহে তেওঁ আইনখনত নিৰ্ধাৰণ কৰি থোৱা সকলোধৰণৰ যোগ্যতাৰ ক্ষেত্ৰত সফল হয়। জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিতিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰে। এই ক্ষেত্ৰত ব্যক্তিজনে গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰ /খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা ৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব। এই ধৰণৰ প্ৰমাণ-পত্ৰ সাধাৰণতে কৰ্তৃপক্ষই এফিডেফিট হোৱাৰ পিছতহে গ্ৰহণ কৰে। এই প্ৰমাণ-পত্ৰ পৰিয়াল পৰিচয়-পত্ৰৰ আবেদন প্ৰ-পত্ৰৰ সৈতে গাঁঠি দিয়া হয়।

২) অনুৰূপ ৰেচন কাৰ্ডঃ যদি ৰেচন কাৰ্ড হেৰায়, বা নষ্ট হৈ যায়, কৰ্তৃপক্ষই নিৰ্ধাৰিত মূল্যৰ বিনিময়ত অনুৰূপ ৰেচন কাৰ্ড যোগান ধৰে।

৩) পূৰ্বৰ ঠাইত থকা ব্যক্তিৰ ৰেচন কাৰ্ডঃ এইটো গ্ৰহণযোগ্য হয় চৰকাৰী বিষয়া নাইবা এঠাইৰ পৰা আন ঠাইলৈ বদলি হোৱা ব্যক্তিৰ ক্ষেত্ৰত।এই ক্ষেত্ৰত, আত্মসমৰ্পণ-পত্ৰ প্ৰয়োজন হ'ব সেই ঠাইৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষৰ য'ত ব্যক্তিজনে পূৰ্বতে কাম কৰিছিল। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ-পত্ৰৰ সৈতে গাঁঠি দিয়া হয়।

৪) বিবাহৰ পিছত ৰেচন কাৰ্ডত অন্তৰ্ভূক্তিঃ এই ক্ষেত্ৰত পূৰ্বৰ বাসস্থানৰ সংশ্লিষ্ট খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষই প্ৰদান কৰা ডিলিচন-পত্ৰ প্ৰয়োজন হ'ব । এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ-পত্ৰৰ সৈতে গাঁঠি দিয়া হয়।

৫) শিশুৰ জন্মৰ ক্ষেত্ৰতঃ পৰিয়াল পৰিচয় পত্ৰত শিশুৰ জন্মৰ প্ৰমাণ-পত্ৰ ৰেচন কাৰ্ডৰ সৈতে অতিৰিক্তভাবে প্ৰয়োজন হ'ব যাৰ বাবে সংশ্লিষ্ট খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষলৈ চাফা হাতৰ আখৰেৰে নাইবা টাইপ কৰি আবেদন দাখিল কৰিব লাগিব।

পৰিয়াল পৰিচয় পত্ৰৰ বাবে ক'ত আবেদন কৰিব?

জিলা নাইবা মহকুমা পৰ্যায়ৰ সংশ্লিষ্ট খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষলৈ পৰিয়াল পৰিচয় পত্ৰৰ পাবৰ বাবে আবেদন কৰিব লাগিব।

পৰিয়াল পৰিচয় পত্ৰ পাবৰ বাবে প্ৰয়োজনীয় নথিঃ

  • পৰিয়ালৰ সদস্যৰ সবিশেষ
  • ১০ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ
  • আবেদনকাৰীৰ নাম সম্বলিত ভোটাৰ তালিকা
  • কৰ আদায়ৰ প্ৰ-পত্ৰ/ৰাজহ আদায়ৰ চালান
  • পৰিয়াল পৰিচয় পত্ৰৰ আত্মসমৰ্পণ প্ৰমাণ পত্ৰ বা সংশ্লিষ্ট খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ ঠাইত পৰিয়াল পৰিচয় পত্ৰ নথকাৰ প্ৰমাণ-পত্ৰ
  • স্থায়ী ঠিকনা ( প্ৰত্যায়িত পান কাৰ্ডৰ কপি / চালকৰ অনুজ্ঞা প্ৰত্ৰৰ কপি/ বেংক পাছবুকৰ কপি/ ডাকঘৰৰ পাছ বুক/ মিউনিচিপালিটিৰ চালান/ লাইটৰ বিল/ টেলিফোন বিল) আদি।
 

অনুৰূপ পৰিয়াল পৰিচয় পত্ৰৰ বাবে প্ৰয়োজনীয় নথিঃ

  • স্ব- ঘোষনা
  • পুলিচ ৰিপৰ্ট
 

পৃথক পৰিয়াল পৰিচয় পত্ৰৰ বাবে প্ৰয়োজনীয় নথিঃ

  • প্ৰকৃত আত্মসমৰ্পণ প্ৰ-পত্ৰ
  • প্ৰকৃত অভিভাৱকীয় পৰিয়াল পৰিচয় পত্ৰৰ
  • স্ব-ঘোষণা
  • গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰৰ পৰা পোৱা প্ৰ-পত্ৰ
  • অভিভাৱকীয় পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালৰ গুৰিয়ালৰ পৰা পোৱা আপত্তি নথকাৰ প্ৰ-পত্ৰ
  • জন্মৰ প্ৰমাণ পত্ৰ (জন্মৰ প্ৰমাণ-পত্ৰ/ দশম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ/অন্যান্য)
  • স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
  • ফটো পৰিচয় পত্ৰ/ ভোটাৰ তালিকা বা ভোচাৰ পৰিচয় পত্ৰ /পান কাৰ্ড/চালকৰ অনুজ্ঞাপত্ৰ/পাছপোৰ্ট
 

অন্তৰ্ভূক্তি/ ডিলিচন/আত্মসমৰ্পণৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰঃ

  • প্ৰকৃত পৰিয়াল পৰিচয় পত্ৰ
  • স্থানীয় প্ৰমাণ পত্ৰ/ভোটাৰ তালিকা বা পৰিচয়-পত্ৰ/পান কাৰ্ড/চালকৰ অনুজ্ঞাপত্ৰ/পাছপোৰ্ট
  • জন্মৰ প্ৰমাণ পত্ৰ (জন্মৰ প্ৰমাণ পত্ৰ/ দশম শ্ৰেণী উত্তীৰ্ণ প্ৰমাণ-পত্ৰ/অন্যান্য)
  • প্ৰকৃত আত্মসমৰ্পণ প্ৰ-পত্ৰ (অন্তৰ্ভূক্তিৰ বাবে)
  • মৃত্যু প্ৰমাণ-পত্ৰ (মৃত ব্যক্তি থাকিলে)
 

পৰিয়ালৰ মূল ব্যক্তিৰ সলনিৰ ক্ষেত্ৰতঃ

  • প্ৰকৃত পৰিয়াল পৰিচয় পত্ৰ
  • মৃত্যুৰ প্ৰমাণ পত্ৰ (মূল ব্যক্তিজনৰ মৃত্যু হ'লে)
  • আপত্তি বিহীন প্ৰমাণ পত্ৰ
 

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনিৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰ-পত্ৰঃ

  • প্ৰকৃত পৰিয়াল পৰিচয় পত্ৰ
  • জন্মৰ প্ৰমাণ পত্ৰ (জন্মৰ প্ৰমাণ পত্ৰ/ দশম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ/অন্যান্য)
 

ঘৰৰ ঠিকনা সলনি/সুলভ মূল্যৰ দোকান ৰ সলনিৰ ক্ষেত্ৰতঃ

  • প্ৰকৃত পৰিয়াল পৰিচয় পত্ৰ
  • ফটো পৰিচয় পত্ৰ/ নিৰ্বাচন পত্ৰ/পান/চালকৰ প্ৰমাণ পত্ৰ/পাছপোৰ্ট
 

পৰিয়াল পৰিচয় পত্ৰৰ গৰাকীৰ কৰ্মঃ

  • পৰিয়াল পৰিচয় পত্ৰখন নিৰাপদে ৰাখিব লাগে আৰু আন কোনো ব্যক্তিক দিব নালাগে।
  • ৰেচন লাভ কৰাৰ সময়ত পৰিয়াল পৰিচয় পত্ৰৰ গৰাকীয়ে সামগ্ৰীৰ মানদণ্ড আৰু সামগ্ৰীৰ পৰিমাণ ভালকৈ চাই ল'ব লাগে আৰু পৰিয়াল পৰিচয় পত্ৰত উচিত সামগ্ৰীৰ পৰিমাণ আৰু মূল্যসহ সামগ্ৰীৰ দৰ লিখা কেচ-মেমো ল'ব লাগে।
  • পৰিয়াল পৰিচয় পত্ৰখন হেৰালে/নষ্ট হ'লে /সলনি কৰিব লগা হ'লে /অন্তৰ্ভূক্তি নাইবা ডিলিচনৰ ক্ষেত্ৰত কাৰ্ডৰ গৰাকীয়ে ততাতৈয়াকৈ নিজৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগে। কাৰ্ডৰ গৰাকীয়ে কোনো ধৰণৰ লিখা মেলা কাৰ্ডৰ ওপৰত কৰিব নালাগে।
  • কোনোবা সদস্যৰ মৃত্যু হ'লে নাইবা ৰাজ্যৰ বাহিৰলৈ গুচি গ'লে তেওঁৰ নাম কৰ্তনেৰে পৰিয়াল পৰিচয় পত্ৰৰ পৰা নোহোৱা কৰাৰ ব্যৱস্থা ল'ব লাগে।