২০০৭ চনতখাদ্য আৰু অসামৰিক যোগান বিভাগৰ নামটো সলনি কৰি "খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ"(এফচিএছ এন্দ চিএ)কৰা হয়। এই বিভাগৰ দায়িত্ব হ'লসাধাৰণ মূল্য স্তৰ সামগ্ৰিক ভাবে স্থিৰ কৰি ৰাখা আৰু সঠিক জোখ আৰু পৰিমাণত পৰ্যাপ্ত বস্তু ৰাজ্যৰ জনতাক যোগান ধৰাটো নিশ্চিত কৰা।
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ ২টা ভাগেৰে গঠিতঃ
এই নাগৰিক চনদ খন জনসাধাৰণৰ অধিকাৰ, তেওঁলোকে লাভ কৰিব পৰা সেৱা, চৰকাৰী কৰ্মচাৰীৰ কৰ্তব্য আৰু নাগৰিকৰ প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি বনোৱা হৈছে।
গ্ৰাহকসকল এক সুস্থিৰ অৱস্থাত উপনীত হ'ব য'ত নাগৰিকে এখন স্থিৰ বজাৰ উপভোগ কৰিব আৰু অনাহাৰৰ ভয় আৰু জোখ মাখপৰিমাণ ভ্ৰম নথকা মূল্য নিৰ্ধাৰণ ব্যৱস্থা হ'ব।
বিভাগে তাৰ দৃষ্টিত উপনীত হ'বৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাইছে। খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে চনদ খন ৰূপায়ণৰ বাবে ইচ্ছুক আৰু সাধাৰণ ৰাইজক প্ৰতিশ্ৰুতিৰ ও ঘোষণা কৰিছে।
গ্ৰাহকৰ সুৰক্ষাঃ খাদ্য সুৰক্ষা আৰু ওজন সঠিক কৰা।
কামৰ সময়ঃ পুৱা ১০ পৰা আবেলি ৫বজালৈ প্ৰতিটো কৰ্ম দিনত।
বিভাগে ইতিমধ্যে মহকুমা,জিলাৰ পৰা সঞ্চালকালয় স্তৰ লৈকে অনলাইন অভিযোগ নিষ্পত্তি ব্যৱস্থা উপস্থাপন কৰিছে।যিকোনো নাগৰিকে অভিযোগঅনলাইন যোগে তলৰ ওৱেছাইদত দাখিল কৰিব পাৰিব
http://assam.grams.nic.inইয়াৰ ওপৰিও নাগৰিকে নিজৰ অভিযোগ তলত দিয়া বিনামূলীয়া নম্বৰত ফোন কৰি পঞ্জীয়ণ কৰিব পাৰিব।
ওপৰত দিয়া সমূহৰ উপৰিও, সকলো কৰ্মচাৰীয়ে সৌজন্যতা আৰু সহায় সেৱা বহলাব। এটা অভিযোগযদি এতিয়াও নিষ্পত্তি হোৱা নাই আৰু ওপৰৰ বিতৰণ সম্বন্ধিয় কিবা অভিযোগ আছে তেন্তে আপোনাক আপোনাৰ অভিযোগ তলত দিয়া .বিষয়াৰ ওচৰত পঞ্জীয়ণ কৰিবৰ বাবে আদৰণি জনোৱা হ'ল
শ্ৰীমতী কে.সিংহা, অতিৰিক্ত সচিব
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ
ব্লক- E,প্ৰথম মহলা
সকলো অভিযোগ ৭ দিনৰ ভিতৰত গ্ৰহণ কৰা হ'ব আৰু কি ব্যৱস্থা লোৱা হ'ব তাৰ চূড়ান্ত প্ৰতিৱেদন ৪৫ দিনৰ ভিতৰত যোগাযোগ কৰা হব।
অত্যাৱশ্যকীয় সামগ্ৰী আইন,১৯৫৫ : সাধাৰণ মানুহৰ স্বাৰ্থত,নিদিষ্ট সামগ্ৰীৰ উত্পাদন,যোগান আৰু বিতৰণ আৰু ব্যৱসায় আৰু বাণিজ্য বাবে এই আইন খন কেন্দ্ৰই প্ৰদান কৰিছে। ক'লা বজাৰ প্ৰতিৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন,১৯৮০ বজায় ৰাখিব বাবেঃবিষয়াৰ আদেশ/খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ
ক'লা বজাৰ প্ৰতিৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন,১৯৮০ : বজায় ৰাখিব বাবেঃবিষয়াৰ আদেশ/খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ : এক আদেশ অনুযায়ী খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ বিষয়া বা সম্প্ৰদায় বা গ্ৰাহক আৰু তাৰ সৈতে জড়িত সকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগানত কৰ্তৃপক্ষই ক'লা বজাৰ প্ৰতিৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী ব্যৱস্থাপনাৰ উদ্দেশ্যে কেতবোৰ বিশেষ ক্ষেত্ৰত শক্তিশালী স্থিতি গ্ৰহণ কৰিব পাৰে।
গ্ৰাহক সুৰক্ষা আইন,১৯৮৬: এই আইনখনে অভিযোগ নিষ্পত্তিৰ সুবিধা আৰু কাৰ্যপ্ৰণালী বিস্তাৰিত ভাৱে আগবঢ়াইছে আৰু গ্ৰাহকৰ সুৰক্ষা প্ৰদান উন্নত কৰাৰ বাবে আৰু গ্ৰাহক পৰিষদ গঠনৰ উদেশ্যে আৰু গ্ৰাহকৰ বিতৰ্ক নিষ্পত্তি আৰু বিষয়সমূহৰ বাবে আন কৰ্তৃপক্ষ সংযোগ কৰা।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন,২০১৩
এপিলেট কৰ্তৃপক্ষঃ
শ্ৰী আৰ.চি দুৱাৰা,এচিএচ
সচিব,খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ
প্ৰথম মহলা,E-ব্লক অসম সচিবালয়
এছ.পি.আই.অ.:
শ্ৰীমতী কে.সিংহা
উপ সচিব,খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ
প্ৰথম মহলা, E-ব্লক অসম সচিবালয়