খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ পৰিদৰ্শক,অধীক্ষক,সহকাৰী সচিব,উপ সচিব,যুগ্ম সচিবৰ নিযুক্তি,বদলি আৰু পষ্টিং,পদোন্নতি,ছুটি মঞ্জুৰ আদিৰ সম্বন্ধীয় বিষয়সমূহ বিভাগে চোৱাচিতা কৰে।অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ যাৰ প্ৰাৰম্ভিক নাম আছিল যোগান বিভাগ, পিছলৈ নাম হ'ল খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু পুনৰ ইয়াক সলনি কৰা হ'ল খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ।
ব্ৰিটচ চৰকাৰে ভাৰতৰ সুৰক্ষা নিয়ম, ১৯৩৫ৰ অধীনত অত্যাৱশ্যকী সামগ্ৰীসমূহ যোগানৰ বাবে'অসম খাদ্য আৰু শচ্য নিয়ন্ত্ৰণ আদেশ' গঠন কৰি দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক ৰূপায়নৰ ব্যৱস্থা কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ ফলত দেশৰ অৰ্থনিতি একেবাৰে বিধ্বস্ত হৈ পৰিছিল। সেইকাৰণেই চৰকাৰক খাদ্য আৰু শস্যৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ চোৱাচিতাৰ বাবে এটা সুকীয়া বিভাগৰ প্ৰয়োজনীয়তা আহি পৰিল। ফলশ্ৰুতিত, ১৯৪৩ চনত তেতিয়াৰ চৰকাৰে অস্থায়ী বিভাগ হিচাপে যোগান বিভাগ এটা গঠন কৰিলে।এই বিভাগটোৰ কাম ১৯৪৬ চনত বৃদ্ধি কৰি ইয়াক দুটা ভাগত নতুন ৰূপ দিলে- 'ক্ৰয়'আৰু'চাউল নিয়ন্ত্ৰণ'। তেতিয়াৰ পৰাই বিভাগত ইতিমধ্যে থকা গ্ৰাহকৰ সাধাৰণ যোগান সামগ্ৰী সমূহ, টেক্সটাইল, এনফৰছমেন্ট আদি জিলা প্ৰশাসনৰ নিয়ন্ত্ৰনাধীন কৰা হ'লযিটো যোগান বিভাগৰে অংশ হৈ থাকি গল। ১৯৫৩ চনত, ৰাজ্যখনৰ যোগান বিভাগে ধান ক্ৰয়ৰ ক্ষেত্ৰত ৰেকৰ্ড সৃষ্টি কৰিলে আৰু চৰকাৰে উত্পাদনকাৰীৰ পৰা অতিমাত্ৰা ধান ক্ৰয় কৰাৰ ফলত আৰ্থিক সমস্যাৰ সৈতে মুখামুখি হ'ব লগা হ'ল। যাৰ ফলত চৰকাৰৰ খুব বেয়া অৱস্থা এটা হ'লযাৰ বাবে পৰৱৰ্তী ধান কিনা বন্ধ কৰি দিব লগা হ'লআৰু সাধাৰণ যোগান সামগ্ৰী সমূহ, টেক্সটাইল, এনফৰছমেন্ট আদিবোৰ জিলা প্ৰশাসনৰ পৰা ঘুৰাই আনি একে 'ক্ৰয়'ৰ অংশ হিচাপেই সঞ্চালকালয়ৰ লগত সংযুক্ত কৰিব লগা হ'ল। আনকি, কৰ্মচাৰীৰ ওপৰত কৰ্মৰ পৰা অব্যহতিৰো জাননি আহি পৰিল আৰু জমা হৈ থকা ধান আৰু চাউলক আৰ্থিক সমস্যা দূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰক দি দিব লগা অৱস্থা হ'ল। অৱশেষত ৰাজ্য চৰকাৰে আহি পৰা সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'লআৰু ১৯৫৬ চনৰ ২ অক্টোবৰত যোগান বিভাগক স্থায়ী বিভাগ হিচাপে ঘোষনা কৰিলে। ১৯৮০ চনত, যোগান বিভাগক খাদ্য আৰু অসামৰিক যোগান বিভাগ হিচাপে নামাকৰণ কৰা হয়। ২০০৭ল চনত ইয়াক খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগ নামলৈ সলনি কৰা হয়।
১৯৫৭ চনত, কেন্দ্ৰীয় চৰকাৰে অশোক মেহতাৰ অধ্যক্ষতাত খাদ্য শচ্য অনুসন্ধান সমিতি গঠন কৰে আৰু খাদ্য শচ্যৰ, ঘৰুৱা প্ৰয়োজনীয়তা, বিতৰণ, মূল্য আদিৰ বিস্তৃত বিশ্লষণ কৰাৰ পিছত উত্পাদকাৰীক তেওঁলোকে পাব লগা প্ৰাপ্যৰ প্ৰস্তাৱ তিনিখন ভিন ভিন উমৈহতীয়া সমিতি নাইবা বোৰ্ডলৈ প্ৰেৰণ কৰা হ'ল যাতে প্ৰত্যেকৰে সহযোগত এখন ভাল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খাদ্য নীতি গঢ় লৈ উঠিব পাৰে। এই সমূহ হ'ল :
FGECৰ সহযোগত ভাৰত চৰকাৰে, ১৯৬৫ চনৰ জানুৱাৰীত ভাৰতীয় খাদ্য নিগম গঠন কৰে। ইয়াৰ লগতে একেটা বছৰতে ভাৰতীয় কৃষি মূল্য আয়োগ গঠন কৰে আৰু ইয়াৰ পিছৰ বছৰত ৰাষ্ট্ৰীয় খাদ্য শচ্য নীতি সমিতি গঠন কৰে। এই তিনিখন বডিয়ে একলগ হৈ ভাৰতত এখন সুস্থিৰ আৰু দূৰদৰ্শী খাদ্য নীতিৰ ৰূপ এটা দিবলৈ সক্ষম হয়। এই তিনিখন বডিৰ কাম হৈছে :
১৯৭৩ চনত, অসমত ৰাজহুৱা বিতৰণ ব্যৱস্থা আঁচনিথন আৰম্ভ কৰা হয় আৰু তাৰ পিছত ৮০ৰ দশক'ত নতুন ৰাজহুৱা বিতৰণ ব্যৱস্থা আঁচনিখনে পৰীক্ষামূলক ভাৱে জনজাতিয় ঠাইসমূহত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। তেতিয়াৰ ভাৰতীয় পৰিকল্পনা আয়োগৰ পৰামৰ্শ মতে লক্ষ্য ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আৰম্ভ কৰা হয়।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মূল কৰ্ম হৈছে প্ৰশাসনীয় বিভাগ হিচাপে সুনিৰ্দিষ্ট নীতি গঠন আৰু সেই নীতিৰ ৰূপায়ন আৰু নিৰিক্ষণ সুনিশ্চিত কৰা। এই নীতি সমূহ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা সঞ্চালকাল আৰু আইনী পৰিমাপ নিয়ন্ত্ৰক কাৰ্যালয়ে ৰূপায়ন কৰে ।এই উভয় উপ-সংস্থাৰ প্রতিষ্ঠিত বিষয় পৰৱৰ্তী পৰ্যায়ত দেখা যায় ।