মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন

  • সবিশেষ তথ্যঃ

    ভাৰত চৰকাৰে ২০১৩ চনৰ ১০ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন বলবত্ কৰে । সেই অনুসৰি আঁচনিখন সমাজৰ দুখীয়া শ্ৰেণীৰ সুবিধাৰ বাবে অসমতো বলবত্ কৰা হ'ল। এই আঁচনিৰ অধীনত ৰাজ্যখনত প্ৰায় ৫৫ লাখ পৰিয়ালক সামৰি লোৱা হ'ব। অসমত এই আঁচনিখন ২০১৫ বৰ্ষৰ ২৪ জানুৱাৰী তাৰিখত শুভাৰম্ভ কৰা হয়। আঁচনি খনৰ ৰূপায়নৰ বাবে, "অগ্ৰাধিকাৰ প্ৰাপ্ত (Priority Household)" আৰু "অন্ত্যোদয়া অন্ন যোজনা (AAY)" নামেৰে দুই প্ৰকাৰৰ পৰিয়াল পৰিচয় পত্ৰ (Ration card) বিতৰণ কৰা হৈছে। প্ৰতিমাহে "অগ্ৰাধিকাৰ প্ৰাপ্ত" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়ালৰ সদস্যই প্ৰতি ৫ কেজিকৈ আৰু "অন্ত্যোদয়া অন্ন যোজনা" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়াল পৰিচয় পত্ৰই প্ৰতি ৩৫ কেজিকৈ ৩ টকা দৰত চাউল যোগান ধৰা হয়।

    লক্ষ্যঃ

    • খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষাৰ বাবে ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ ৮৪.১৭ শতাংশ আৰু চহৰাঞ্চলৰ ৬০.৩৫ শতাংশ জনসংখ্যাক সামৰি লোৱা।
    • দুখীয়া মানুহক তেওঁলোকে বহন কৰিব পৰা দৰত খাদ্যৰ উচিত পৰিমাণ উপলব্ধ হোৱাটো নিশ্চিত কৰা
    • পুষ্টিহীনতাত ভোগা শিশুক স্থানীয় অঙ্গনবাড়ীৰ দ্বাৰা বিনামূলীয়া খাদ্য যোগান ধৰা।
     

    নথিপত্ৰঃ

    আইন আৰু নিয়ম/নিয়মাৱলীঃ

    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ প্ৰতিলিপি
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ নিয়মাৱলী
    • Targeted Public Distribution System (Control) Order, 2015
    • Assam Public Distribution Article (Control) Order, 1882
    • Assam Trade Articles (Control) Order, 1982 and further Amendments
     

    খতিয়ানঃ

    • খাদ্য শস্যৰ মাহেকীয়া আৱন্টন ব্যৱহাৰৰ খতিয়ান (Utilization Certificate)
    • খণ্ড বিপনন আইন প্ৰতিৰোধৰ ৮ আৰু ৯ নং দফাৰ কাৰ্যকৰীকৰণৰ মাহেকীয়া খতিয়ান
     

    প্ৰ-পত্ৰঃ

    প্ৰ-পত্ৰ-গ